Share on Facebook

বকোত উত্তেজনা: বন বিভাগৰ ওপৰত অবৈধ কাঠ ব্যৱসায়ীসকলক সুৰক্ষা দিয়াৰ অভিযোগ


মিচিং লুতাড সংবাদ--

বকোত উত্তেজনা: বন বিভাগৰ ওপৰত অবৈধ কাঠ ব্যৱসায়ীসকলক সুৰক্ষা দিয়াৰ অভিযোগ




বকো, ৩ ছেপ্টেম্বৰ বকোৰ কলিয়াবৰি গাঁৱত মঙলবাৰ নিশা এক উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি হয়স্থানীয় ৰাইজে মূল্যবান সাগুন কাঠেৰে ভৰ্তি কৰা এখন বাহন   আটক কৰাৰ ফলত এই উত্তেজনা দেখা দেয়এই ঘটনাই পুনৰ পশ্চিম কামৰূপ বন বিভাগৰ ওপৰত অবৈধ কাঠ ব্যৱসায়ীসকলৰ সৈতে আঁত ধৰা অভিযোগ উত্থাপন কৰিছে



প্ৰত্যক্ষদৰ্শীৰ তথ্য মতে, TATA ACE (ৰেজিঃ নম্বৰ AS01 EC 2561) স্থানীয় ৰাইজে ৰখাই কাঠৰ মোলীয়া সামগ্ৰী উদ্ধাৰ কৰেকিছু সময়ৰ পাছত বামুনিগাঁও বন শ্ৰেণীৰ বন কৰ্মচাৰীসকলে ঘটনাস্থলত উপস্থিত হয়অভিযোগ অনুসৰি, ৰাইজক সমৰ্থন কৰাৰ পৰিৱৰ্তে বন কৰ্মচাৰীয়ে আকাশত গুলী ফুটাই স্থানীয় যুৱকসকলক ভয় দেখুৱায়

স্থানীয়সকলে অভিযোগ উত্থাপন কৰি কয় প্ৰায় প্ৰতিদিনাই নিশা বকোপইৰঙা পথেদি কাঠভৰ্তি যান-বাহনেৰে যাতায়াত কৰেঅথচ বন বিভাগ চকু মুদে থাকেএই ঘটনা প্ৰথমবাৰৰ নহয়

সংঘৰ্ষৰ সময়ত দু-তিনজন যুৱকক প্ৰহাৰ কৰা হৈছে বুলি অভিযোগ উঠিছে

তাৰে বিদ্যুত দাস নামৰ এজনক বন কৰ্মচাৰীয়ে আটক কৰেসামাজিক মাধ্যমত প্ৰকাশিত ভিডিঅত আটক যুৱজনক বন কৰ্মচাৰীয়ে প্ৰহাৰ কৰা দৃশ্য দেখা যায় বুলি জনোৱা হৈছেপাছত বকো আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে

এই ঘটনাই পুনৰ স্থানীয় সমাজত ক্ষোভৰ সঞ্চাৰ কৰিছেৰাইজৰ অভিযোগ, পশ্চিম কামৰূপ বন বিভাগে অবৈধ কাঠ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কোনো কার্যকৰী পদক্ষেপ লব পৰা নাইবহু বাৰ যান-বাহন  জব্দ কৰা আৰু প্ৰতিবাদ অনুষ্ঠিত হোৱাৰ পাছতো ব্যৱসায়ীসকল জাল অব্যাহত থকাৰ ফলত বিভাগৰ দক্ষতা, জবাবদিহিতা আৰু স্বচ্ছতা সন্দৰ্ভত গম্ভীৰ প্ৰশ্ন উঠিছে

এতিয়ালৈকে বন বিভাগ বা আৰক্ষীৰ পক্ষৰ পৰা এই ঘটনৰ বিষয়ে কোনো চৰকাৰী মন্তব্য প্ৰকাশ কৰা হোৱা নাই

 

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post