Share on Facebook

শিলচৰত দুৰ্বৃত্তৰ গুলীত এজন স্থানীয় যুৱক গুৰুতৰভাৱে আহত

 

শিলচৰত দুৰ্বৃত্তৰ গুলীত এজন স্থানীয় যুৱক গুৰুতৰভাৱে আহত

By Mising Lutad Report

শিলচৰ, ৬ ছেপ্টেম্বৰ:
শিলচৰৰ আশ্ৰম ৰোডত ৫ ছেপ্টেম্বৰ নিশা দুজন অজ্ঞাত দুৰ্বৃত্তৰ আক্ৰমণত এজন স্থানীয় যুৱক গুৰুতৰভাৱে আহত হোৱাৰ ঘটনা প্ৰকাশ পাইছে। আহত যুৱকজনৰ নাম নিলুতপল দাস

দাসে দাখিল কৰা এজাহাৰ অনুসৰি, নিশা প্ৰায় ১১.৩০ বজাৰ সময়ত তেওঁ X-Pulse বাইকত আহি থকা অৱস্থাত দুৰ্বৃত্তসকলে ৰাস্তা আটকায় আৰু তৎক্ষণাৎ গুলী চলায়। গুলীটো তেওঁৰ সোঁহাতত লাগি গুৰুতৰভাৱে আহত কৰে। স্থানীয় লোকৰ সহায়ত দাসক তৎক্ষণাত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।


পুলিচে ঘটনাটোৰ তদন্ত চলাই শেষত দুজন মুখ্য আসামীক গ্ৰেপ্তাৰ কৰে। ধৃত দুইজন হ’ল—

  • ডেভিড হ্মাৰ (২২)

  • ক্ৰিষ্টফাৰ ভানলালপেকা (২২)
    দুয়োজনেই মিজোৰামৰ আইজল জিলাৰ টুইকুৱালৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে।

আসামীসকলৰ পৰা পুলিচে উদ্ধাৰ কৰে—

  • এজন অষ্ট্ৰিয়ান-তৈাৰী Glock এয়াৰ গান (মেগেজিনসহ)

  • ছ’টা ৰাউণ্ড গুলি আৰু এটা CO₂ গেছ চেল

  • ১৬টা বুলেট

  • হিৰ’ X-Pulse বাইক (MZ-01-AC-0336)

  • এটা Apple iPhone আৰু চাৰ্জাৰ

  • এটা কালো Alpinestar ৰাইডাৰ ব্যাগ

  • নগদ ৳ ২০,০০০

ঘটনাৰ সম্পৰ্কত শিলচৰ থানাত ৮৮৬/২৫ নং মামলা ৰুজু কৰা হৈছে। ইয়াত ধাৰা ১২৬, ১১৮(২)/৩(৫) BNS আৰু হতিয়াৰ আইনৰ ধাৰা ২৫(১-এ)/২৭ অন্তৰ্ভুক্ত কৰা হৈছে।

পুলিচে জানিব দিয়েছে যে ঘটনাটোৰ পূৰ্ণাঙ্গ তদন্ত অব্যাহত আছে।


Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post