Share on Facebook

ডিমাহাছাও জিলাৰ লংকুত ভয়ংকৰ পথ দুৰ্ঘটনা : দুজন যুৱক নিহত

 

ডিমাহাছাও জিলাৰ লংকুত ভয়ংকৰ পথ দুৰ্ঘটনা : দুজন যুৱক নিহত

উম্ৰাংছু, ৭ ছেপ্টেম্বৰ:
ডিমাহাছাও জিলাৰ উম্ৰাংছু আৰক্ষী থানাৰ অন্তৰ্গত লংকু অঞ্চলত দেওবাৰ দিনা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন যুৱক নিহত হয়।

আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা তথ্য অনুসৰি, NL 01 L 0395 নম্বৰৰ এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই AS 31 B 5082 নম্বৰৰ এখন মটৰচাইকেলত সোজাকৈ ধাক্কা দিয়ে। দুৰ্ঘটনাটো অত্যন্ত ভয়ংকৰ হোৱাৰ ফলত মটৰচাইকেলত থকা দুজন যুৱকেই ঘটনাস্থলতে প্ৰাণ হেৰুৱায়।




নিহত দুজনক চিহ্নিত কৰা হৈছে—

  • সহীদ

  • মৰুখ

তেওঁলোক দুয়ো গুৱাহাটীৰ উদালি নং ৪ গাঁৱৰ বাসিন্দা বুলি নিশ্চিত কৰা হৈছে। দুয়োজনৰেই বয়স ১৮ বছৰৰ ওপৰ হৈ থাকিব বুলি জানিব পৰা গৈছে।

আৰক্ষী বিভাগে জনাইছে যে, ঘটনাটোৰ সম্পৰ্কে বিস্তারিত তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া চলি আছে। আৰক্ষী কৰ্মচাৰীসকলে ইতিমধ্যে ঘটনাস্থলত উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে প্ৰয়োজনীয় আইনগত পদক্ষেপ হাতত লৈছে।

স্থানীয় সূত্ৰসমূহে জানিবলৈ দিছে, অসাৱধানতাৰে গাড়ী চলোৱাএই দুৰ্ঘটনাৰ অন্যতম কাৰণ হ’ব পাৰে। যদিও সঠিক কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।

পাহাৰীয়া পথ আৰু তীক্ষ্ণ বাঁকৰ বাবে ডিমাহাছাও জিলাত পথ দুৰ্ঘটনা বাৰে বাৰে ঘটিছে। এই শোকাবহ ঘটনা পুনৰ পথ সুৰক্ষাৰ প্ৰশ্নক গম্ভীৰভাৱে আগবঢ়াইছে।

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post