Share on Facebook

All India Tribal Students' Association, Assam, PRESS MEET জনজাতিসকলৰ ভূমি অধিকাৰক লৈ হেতালি খেলিছে

All India Tribal Students' Association, Assam, কিয় আজিলৈ জনজাতিসকলৰ ভূমি অধিকাৰক লৈ হেতালি খেলিছে বুলি (AITSAA) সভাপিত বাবুৰাভা হাকাচামে।


১) সােণাপুৰস্থিত ট্রাইবেল বেল্ট-ব্লকৰ তামুলীকুছিত ডাম্পিং গ্রাউণ্ড কৰিব নােৱাৰিব -আইটছা

২) অবৈধ বেদখলকাৰীক ট্রাইবেল বেল্ট-ব্লকৰ পৰা উচ্ছেদ কৰক। অসমৰ অনুসূচিত জনজাতি সকলক শীঘ্ৰে ম্যাদী পট্টাৰ জন্মগত অধিকাৰ প্রাপ্য প্রদান কৰক- জনজাতি ছাত্ৰ সন্থা আইটছা।
৩) অসম চৰকাৰে শীঘ্ৰে জনজাতি বিৰােধী কার্যকলাপ বন্ধ কৰক। জোনাই চিমেন চাপৰিৰ জামজিং বনাঞ্চলত থকা জনজাতিসকলক উচ্ছেদ কার্য বন্ধ কৰক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অষ্টম সংযােজনৰ নামত বৈষম্যমূলকভাৱে বােকাখাত-গহপুৰৰ অনুসূচীত জাতি-জনজাতিসকলক উচ্ছেদৰ বাবে যি নিকৃষ্ট ৰাজনীতিৰ কুটনা কৰিব ধৰিছে শীঘ্ৰে বন্ধ কৰক - আইটছা।
৪) অসমত অনুসূচিত জনজাতিআৰু জাতিৰ বাবে থকা প্ৰৱেঞ্চন অৱ এট্রচিটি এক্ট খর্ব কৰা কার্যকলাপ শীঘ্ৰে বন্ধ কৰক। ৫) অসমৰ অনুসূচিত জনজাতিসকলৰ প্রাপ্য (২৬ হেজাৰ খালী পদ) ট্রাইবেল বেকলগ সমূহ কেতিয়া পূৰণ কৰিব ?

টাইবেল বেল্ট BLOCK বিভিন্ন ঠাইত সিঁচৰতি থকা জনজাতি অধ্যুষিত অচলৰ ভূমি



জনজাতি মাটি অধিকাৰক লৈ হেতালি খেলিছে বুলিও প্রশ্ন উত্থাপিত কৰিছে জনজাতি ছাত্ৰ সন্থ আহহণ অনুসূচিত জনজাতি সকলক শীঘ্ৰে ম্যাদী পট্টাৰ জন্মগত অধিকাৰ প্রাপ্য থকা জনজাতি অধ্যুষিত অঞ্চলৰ ভূমি জৰীপ কৰি অসমৰ বাবুৰাভা হাকাচামে টানি দাবী জনাইছে।


জন্মগত অধিকাৰ প্রাপ্য প্রদান কৰিবলৈ জনজাতি ছাত্ৰ সন্থা AITSAA সভাপতি
অসম চৰকাৰেশীঘ্ৰে জনজাতি বিৰােধী কার্যকলাপ বন্ধ কৰক
জনজাতি বিৰােধী কার্যকলাপ বন্ধ কৰক। মােগলে অসমক ১৭ বাৰ আক্ৰমণ কৰিছিল যাও বিফল হল, ঠিক তেনেদৰে অসম চৰকাৰে অসমৰ জনজাতিসকলক বাৰে বাৰে আক্ৰমণ কৰি সফল হ'ব নিদিও বুলি সকিয়নি প্রদান কৰিছে জনজাতি ছাত্ৰ সন্থাহ।

জাতিসকলক বাৰে বাৰে আক্ৰমণ কৰিছে জীয়াই থকাৰ অধিকাৰত, কিন্তু আমি ৩ বুলি সায়ন প্রদান কৰিছে জনজাতি ছাত্ৰ সন্থাই। জোনাই চিমেন চাপৰিৰ জামজিং বনাঞ্চলত থকা জনজাতিসকলক
বন্ধ কৰক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অষ্টম সংযােজনৰ নামত বৈষম্যমূলকভাৱে বােকাখাত-হপুৰৰ অনুসূচীত জাত। জনজাতিসকলক উচ্ছেদৰ বাবে যি নিকৃষ্ট ৰাজনীতিৰ কুটনা কৰিব ধৰিছে শীঘ্ৰে বন্ধ কৰক বুলি দাবী উত্থাপন কৰিছে আহছাৰ সাবান। সম্পাদক দীপেন দেউৰীয়ে। চৰকাৰে টাইবেল বেল্ট ব্লকৰ ভূমিত চৰকাৰী কার্যালয়, সেনাবাহিনীৰ কেম্প, চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰিব পাৰে যদি, অসমৰ ভূমিপুত্ৰ জনজাতিসকলে বানপানী-গৰাখহনীয়াত ভূমিহীন হৈ চৰকাৰী ভূমি, বনাঞ্চলত বসাত স্থাপন কিয় কৰিব নােৱাৰিব বুলিও সৌচ্চাৰ হৈ পৰিছে আইটছাৰ সম্পাদক দীপেন দেউৰীয়ে। যিহেতু ফৰেষ্ট লেণ্ডত বসবাস কৰাৰ অধিকাৰ জনজাতিসকলক দিছে ভাৰতীয় সংবিধানে, গতিকে জনজাতিসকলক কৰা পদে পদে কৰা লাঞ্চনাবঞ্চনা, অন্যায়-অত্যাচাৰ সহ্য কৰা নহ'ব। তদুপৰি এচাম অসমবিৰােধী অপশক্তিয়ে অসমত অস্থিৰতা সৃষ্টিৰ বাবে এছটিএছচিৰ লগত অবিচি স’তে কিয় বাৰে বাৰে সংঘাত বিয়পােৱাৰ বাবে উঠি পৰিছে বুলিও উদ্বেগ প্রকাশ কৰিছে জনজাতি ছাত্ৰ সন্থাই।

অসমত অনুসূচিত জনজাতি আৰু জাতিৰ বাবে থকা প্রৱেঞ্চন অৱ এট্রচিটি এক্ট খর্ব কৰা কার্যকলাপ শীঘ্রে বন্ধ কৰক। অসমৰ ভূমিপুত্র অনুসূচীত জনজাতিসকলে বৃটিছৰ শাসন কালতাে কিজানি ইমান অৰাজকতা, অন্যায়ৰাজ, স্বৈৰাচাৰী-ভ্রষ্টাচাৰী শশাষণ-নিষ্পেষণৰ সন্মুখীন, সকলাে দিশত উপেক্ষিত নাছিল। অসমৰ অনুসুচীত জনজাতিসকলৰ ভাষা-কলাসংস্কৃতি-সাহিত্য-বাতৰি কাকত-আলােচনীয়ে উচিত প্রাপ্যৰ পৰা বঞ্চিত হৈছে। জনজাতি মহিলাক ধর্ষণ-হত্যা, ছাত্রনেতাসকলক 'ভুৱাগােচৰত মানসিক নির্যাতন, টিপ অথনমাচ ডিষ্ট্রিক ডিমাণ্ড কমিটিৰ নেতা প্রসন্ন তুৰুঙৰ হত্যা-নিৰুদ্দেশ, বােকাখাতত মাইতি পেগু, মমিতা দলে ধর্ষণৰ পিছত হত্যা, গহপুৰত জানমণি কুটুমক ধর্ষৰ্ণৰ পিছত হত্যা, নুনমাটিত দিনদুপৰতে ঋতুপর্ণ পেগুৰ হত্যাকাণ্ড, ডিমাহাচাওত ছাত্রীক অত্যাচাৰ, কার্বিআংলঙত জনজাতিসকলৰ অধিকাৰ খর্ব, বড়ােলেণ্ডত প্ৰীবেঞ্চন অৱ এট্রফিটি এক্ট উলংঘা কৰা দেখা গৈছে। অসমৰ আৰক্ষী চকী, থানাসমূহত এছটি-এছচিৰ প্ৰীবেঞ্চন অৱ এট্রচিটি এক্ট গুৰুত্ব নিদি সাধাৰণ আইপিচিৰে এজাহাৰ ৰেজিষ্টাৰ কৰাৰ বাবে অসমৰ খিলঞ্জীয়ালােক ন্যায় নাপায়গৈ সময়মতে, গতিকে এনে অন্যায়ৰাজ কোনােপধ্যে মানি লােৱা নহ'ব বুলি সকিয়নি দিছে আইটছাৰ আইন উপদেষ্টা তথা কুণ্ডিয় মিছন চছাইটিৰ সভাপতি ৰাজু, দেউৰীয়ে। তদুপৰি এছটিএছচি প্রীবেঞ্চন অৱ এট্রচিটি এক্টৰ আধাৰ প্রযােজ্যকৰণত ব্যর্থ অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু জনজাতিসকলৰ কল্যাণক পিটি দি কেৱল নেতা-পালিনেতাৰ কল্যাণৰ বাবে চিণ্ডিকেটত নিমজ্জিত বিভাগ ভৈয়াম জনজাতি কল্যাণ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ অকামিলা মন্ত্রী চন্দন ব্রহ্মাই কুম্ভকর্ণ নিদ্রাপ পৰা কেতিয়া সাৰ পাব বুলিও সৌচ্চাৰ হৈ পৰিছে। আইটছাৰ বিষয়ববীয়াই। যিহেতু ডবলিউ পিটি বিভাগে মুষ্ঠিমেয় ঠিকাদাৰৰ লগত মিলি অসমৰ জনজাতিসকলৰ উন্নয়ণত ধোঁৱাচাঙত থৈ ব্যক্তিগত লাভালাভৰ অংকতহে ব্যস্ত হৈ পৰাত জনসাধাৰণ নামত থকা আঁচনিসমূহ ৰূপায়ণত কিয় বিলম্ব হৈছে চন্দন ব্রহ্মই।

অসমৰ অনুসূচিত জনজাতিসকলৰ প্ৰাপ্য (২৬ হেজাৰ খালী পদ) ট্রাইবেল বেকলগ সমূহ কেতিয়া পূৰণ কৰিব। অসম চৰকাৰে অনুসূচিত জনজাতিসকলৰ বৰ্তমানৰ বর্ধিত জনসংখ্যাৰ আধাৰত নতুনকৈ পদ সৃষ্টি কৰাৰ সৎসাহসটো নায়েই কিন্তু সাংবিধানিক আধাৰত যিটো পদ খালী হৈ আছে, সেইখিনিকেই বিশেষ সংস্থাপন (স্পেচিয়েল ড্রাই)ৰ যােগেদি উচ্চশিক্ষিত যােগ্য প্রার্থীক নিয়ােগ কৰিবলৈ টানি দাবী জনাইছে আইটছাৰ উপদেষ্টা অৰিন্দম প্রিন্স পাংগিঙে। ইয়াৰােপৰি অসম চৰকাৰৰ এক বিশেষ বিভাগে জনতা ভৱনত পুঁজিৰ অজুহাত দেখুৱাই বিধি-পথালিৰে বছৰ বছৰ ধৰি জাতিগত বৈষম্য আৰু জনজাতিসকলৰ প্রতি মাহীআইৰ দৃষ্টিভঙ্গীৰ আচৰণ প্ৰদৰ্শন কৰা কাণ্ডৰ প্রতি সঠিক তদন্তৰ বাবে অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ প্রত্যক্ষ হস্তক্ষেপ আৰু চিবিআই তদন্তৰৰ দাবী জনাইছে আইটছাৰ কেন্দ্রীয় নেতৃবৃন্দই।

অৰিন্দম প্রিন্স পাংগিং, উপদেষ্টা , আইটছাট
বাবুৰাভা হাকাচাম, সভাপতি, আইটছা, কেন্দ্রীয় সমিতি

পাপেন দেউৰী, সাধাৰণ সম্পাক, আইটছা, কেন্দ্রীয় সমিতি।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post