৫.৭০ কোটি টকীয়া জি’অ বেগত ব্যাপক খহনীয়া::খহনীয়া পৰিদৰ্শন সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক চৈয়দ মনোৱাৰ হুচেইনৰ::
বোকাখাত বিধান সভা সমষ্টিৰ মহুৰামুখৰ উত্তৰ অঞ্চলৰ ৰিৰি আৰু কাঠনি গাৱঁত ২০১৮ বৰ্ষৰ ২৪ অক্টোবৰত বিধায়ক তথা মন্ত্ৰী অতুল বৰাই ৫.৭০ কোটি টকাৰ ব্যয় সাপেক্ষে ১৩২৮ মিটাৰ দৈঘ্যৰ জি’অ বেগৰ দুটা আচঁনিৰ কাম আৰম্ভ কৰিছিল৷কিন্তু কাম কৰাৰ এটা বছৰৰ পিছৰে পৰা উক্ত স্হানত ব্যাপক খহনীয়া আৰম্ভ হয়৷কাম আৰম্ভ হোৱাৰ পিছৰে পৰা নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈ আহাৰ পিছতো চৰকাৰ অথবা বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল
যাৰ বাবে এতিয়া উক্ত অঞ্চল দুটাৰ বাইজ বিনিদ্ৰ ৰজনী কটাব লগা হৈছে বুলি উল্লেখ কৰি ছাত্ৰ নেতাগৰাকীয়ে কয়,চৰকাৰৰ কথা আৰু কামৰ মাজত পাৰ্থক্যই ৰাইজক হাৰাশাস্তি খোৱাইছে৷দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্হিতি গ্ৰহণ কৰা চৰকাৰে অতি শীঘ্ৰে মুনাফা লাভৰ বাবে নিম্নমানৰ কাম কৰা ঠিকাদাৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়৷
বলোৰাম কামান
মিছিং লুতাদ
মহুৰামুখ৷