বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতৰ 73 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ দুদিন বাকী। দেশৰ বিভিন্ন ৰাজ্য আৰু অঞ্চলৰ লগতে আজি দেখা গৈছে ঢকুৱাখনা নৰ্মাল স্কুলৰ খেল পথাৰত স্বাধীনতা দিৱস উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে।
লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ নৰ্মাল স্কুলত অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ স্বাধীনতা দিৱসটি দেশৰ কৰুনাংতকৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল এইবেলি পেৰেড অংশগ্ৰহণ কৰিব নোৱাৰিব।জিলা প্ৰশাসন আৰু ঢকুৱাখনা আৰক্ষী প্ৰশাসনে কিছু টিম ভাগ কৰি এইবাৰ পেৰেডত অংশগ্ৰহণ কৰিব বুলি আৰক্ষী প্ৰশাসনে জানিবলৈ দিয়ে। এইবাৰ ঢকুৱাখনাত গণসংক্ৰমন ভয়াবহ হোৱাৰ বাবে ১৭ আগষ্টলৈ বন্ধ বাহাল থাকিব বুলি প্ৰশাসনে জানিব দিয়ে।
পুলিন পেগু/ ঢকুৱাখনা