গহপুৰৰ কল্যাণপুৰ গাঁও পঞ্চায়তৰ পশ্চিম দিপৰা অঞ্চলত আজি কেইবাদিনো ধৰি অব্যাহত আছে খাৰৈ নৈৰ গৰাখহনীয়া। খহনীয়া প্ৰতিৰোধৰ নামত জল সম্পদ বিভাগে ১৩কোটি টকা ব্যয় সাপেক্ষে পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছে যদিও কোনো সুফল লাভ কৰা নাই গাওঁবাসীয়ে।খাৰৈ নৈৰ তীব্ৰ খহনীয়াত বৰ্তমান জাহ গৈছে দক্ষিন দিপৰা অঞ্চলৰ বিঘাই বিঘাই কৃষিভূমি। জলসম্পদ বিভাগে স্থাপন কৰা বাঁহৰ পাৰ্কোপাইন উটি গৈছে খাৰৈ নৈৰ প্ৰৱল সোঁতত। এনেদৰে বাঁহৰ পাৰ্কোপাইন পানীত উটি গৈ থাকিলে পাৰ্কোপাইন স্থাপনৰ ১৩ কোটি টকাৰ আঁচনিখন যে ফুটুকাৰ ফেনলৈ পৰিণত হ'ব সেই আশংকা ব্যক্ত কৰিছে ভূক্তভোগী ৰাইজে।
গহপুৰৰ পৰা মহেন্দ্ৰ পগাগ।
