ইণ্ড'নেচিয়াৰ পৰা পৰিচালিত হোৱা উক্ত চেমিনাৰত অসমৰ ১৬ গৰাকী সদস্যই দেশক প্ৰতিনিধিত্ব কৰে।
উল্লেখ্য যে "যুম এপ্' ৰ সহায়ত হৈ যোৱা চেমিনাৰ খনত বিশ্বৰ ৯৪ খন দেশৰ প্ৰায় চাৰিশতাধিক লোকে অংশগ্ৰহণ কৰে। অসমৰ লখিমপুৰ জিলাৰ ক্ৰমে লক্ষ্যাজিত দলে, ৰবিজিত ৰাজকুমাৰ, ভৃগু মিলি, উমেশ দলে, পম্পী দেউৰী, ডিব্ৰুগড় জিলাৰ ভাস্কৰজ্যোতি ডেকা, ডo ঈশ্বান ফুকন, ঈশ্বান আয়ান বৰা, গোলাঘাট জিলাৰ গগন চন্দ্ৰ বড়ো, প্ৰিয়ঙ্কা গগৈ, বঙ্গাইগাওঁ জিলাৰ সঞ্জিত কুমাৰ বসুমতাৰী, গোৱালপাৰা জিলাৰ এলবিষ্টন মাৰাক, যোৰহাট জিলাৰ মৃণাল শইকীয়া, নগাওঁ জিলাৰ মিণ্টু গোস্বামী, বাক্সা জিলাৰ বিৰসিং বড়ো আৰু কাছাৰ জিলাৰ ৰামজয় দাসক ভাৰতীয় পেঞ্চাক চিলাট মহাসংঘৰ তৰফৰ পৰা উক্ত অনলাইন ক'চ আৰু ৰেফাৰি-জুৰি চেমিনাৰত অংশগ্ৰহণৰ বাবে দেশৰ পৰা নিৰ্বাচিত কৰা হৈছিল বুলি অসম পেঞ্চাক চিলাট এছ'চিয়েশ্বন সাধাৰণ সম্পাদক লক্ষ্যাজিত দলে জানিবলৈ দিয়ে।পুলিন পেগু/ঢকুৱাখনা
