বৈষ্ণৱ পণ্ডিত, সত্ৰীয়া সংস্কৃতিৰ সাধক নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী দেৱৰ আজি পুৱা ১০ টা ৩০ বজাত দেহাৱসান হয় । ভালেমান দিনৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি নেমকেয়াৰ হস্পতালত চিকিৎসাধীন হৈ আছিল আৰু আজি পুৱাৰ ভাগত দেহাৱসান ঘটে, তেখেতৰ মৃত্যু বৈষ্ণৱ সমাজৰ বাবে এক অপূৰনীয় ক্ষতি । এওৰ মৃত্যুত মাজুলীৰ লগতে গোটেই অসমত শোকৰ ছা পৰিছে ।
মাজুলীৰ পৰা লোকনাথ নৰহ প্ৰতিবেদন ।
