১ ছেপ্তেম্বৰৰ পৰা কি কি সেৱা আৰম্ভ হ’ব আৰু ক’ত ক’ত থাকিব নিষেধাজ্ঞা-------
কোৰোনাৰ আতংক কোনো গুণে কম হোৱা নাই ভাৰতবৰ্ষত।
জানিব পৰা মতে ভাৰতবৰ্ষত মুঠ 33 লাখ অতিক্ৰম কৰিলে আৰু অসমত 1 লাখ 15 হাজাৰ ঘৰত।
ইয়াৰ মাজতে আকৌ কেন্দ্ৰীয় চৰকাৰে unlock 4:1 ৰ কাৰণে কিছু প্ৰক্ৰিয়া হাতত লোৱাৰ সম্ভাৱনা আছে।
আনল’ক ৪.০কলৈ শীঘ্ৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিব সবিশেষ গাইড লাইন।
কি কি থাকিব পাৰে Unlock 4:1 ৰ নিয়মাৱলী সমূহ:
কণ্টেইনমেণ্ট জ’নত কঠোৰ ল’ক ডাউন ঘোষণাৰ সম্ভাৱনা আছে।
মেট্ৰ’ ৰে’ল সৱা আৰম্ভ কৰাৰ সম্ভাৱনা আছে।
জানিব পৰা মতে, চিনেমা গৃহ খোলাৰো নাই কোনো সম্ভাৱনা।
কেন্দ্ৰীয় চৰকাৰে এই সময়ছোৱাত যিসমূহ স্থান স্পৰ্শকাতৰ, সেই ঠাই সমূহত তীক্ষ্ন দৃষ্টি ৰাখিব।
ৰাজ্য চৰকাৰ সমূহৰ হাতত বিশেষ ক্ষমতা অৰ্পণ কৰাৰ সম্ভাৱনা আছে।
অক্টোবৰ মাহলৈকে সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, মনোৰঞ্জন, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠানৰ লগতে অন্যান্য ঠাই য’ত ব্যাপক জমসমাগম হ’ব পাৰে, তেন্তে ঠাইত প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰে।
আন্তঃৰাষ্ট্ৰী বিমান যাত্ৰা আৰু নিয়মিত ৰে’ল সেৱা আৰম্ভ হোৱাৰ বিশেষ সম্ভাৱনা নাই।