দিনৰ ১১ বজাত মৰনৈ বেবেজীয়াত সংঘটিত হ'ল এটা ভয়ংকৰ দুৰ্ঘটনা ।
ঘটনা বিৱৰণি অনুসৰি ঘিলামৰা থানাৰ অন্তৰ্গত আলিমুৰ ভাটিখণ্ডৰ বাসিন্দা দুজন ব্যক্তি মটৰ চাইকেলত বেবেজীয়া চাৰিআলিত বজাৰ কৰিবলৈ গৈ থাকোঁতে হঠাতে দিনৰ ১১ বজাত এজোপা প্ৰকাণ্ড শিমলু গছ উভালি দুয়োজনকে হেচা মাৰি ধৰে।
ফলত আলিমুৰ ভাটিখণ্ডৰ অতুল নৰহ নামৰ এজন ব্যক্তি কৰুণভাৱে মৃত্যু হয় / গেৰগুং কামান নামৰ ব্যক্তিজন বাৰুকৈয়ে আঘাটপ্ৰাপ্ত হয় আৰু ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।
ঘটনাটো দেখা লোকে জনায় যে গছজোপাৰ তলৰটো ফোপালা আছিল।
খবৰটো প্ৰায় ভিন্ন অঞ্চলৰ পৰা শ শ লোকে ঠাইখিনিত ভীৰ হোৱা পৰিলক্ষিত হয়।
এই ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।
পুলিন পেগু/ ঢকুৱাখনা