ঘূণাসুঁতি হাতীয়েমৰা গাওঁত যুৱক চামে স্বচ্ছতাক লৈ চাফাই অভিযান আৰম্ভ কৰিছে।
আজি 75 বছৰ পাৰ হল দেশ স্বাধীন হোৱা কিন্তু কোনো চৰকাৰী আঁচনি ঢুকি নাপাই এইখন গাঁওত।
কি কংগ্ৰেছ , কি BJP, কি অগপ, কোনো এখন চৰকাৰে গাঁওৰ উন্নতি আঁচনি বা এটা শিল পেলাই পোৱা নাই।
তথাপিও হাতীয়েমৰা যুৱক চামে হাৰ মনা নাই, এতিয়া নিজে সকলো মিলি কামত লাগিছে, গাঁওৰ কাৰণে।
মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়া স্বচ্চভাৰত অভিযানক সন্মান জনাই লখিমপুৰ জিলাৰ ১৮ কিঃমিঃ দূৰত অৱস্হিত নামনি হাতীয়েমৰা গাঁওৰ ( বাগ্য চাপৰি ) ৰাইজে ১ কিঃ মিঃ ৰাস্তা চাফাই অভিযান আৰম্ভ কৰিছে । চাফাই অভিযান কৰাৰ পিছত ৰাস্তাৰ কাষেদি গছ ৰোপন কাৰ্য্যসুচীও হাতীয়েমৰা গাঁওৰ ৰাইজে হাতত লোৱা হৈছে । অসমৰ সকলো গাঁওত এনেবোৰ কাম কৰিলে হাতীয়ে মৰা গাঁওৰ ৰাইজে বহুত সুখী হ'ম বুলি জানিবলৈ দিছে । তেওঁলোকৰ ম'তে পৰিষ্কাৰ হৈ থকাটো নিজৰ প্ৰধান দায়িত্ব । হাতীয়ে মৰা গাঁওৰ ৰাইজে সকলো গাঁওৰ ৰাইজক এটাহে অনুৰোধ গাঁওৰ ওচৰে পাজৰে থকা ৰাস্তাবোৰ পৰিষ্কাৰ পৰিচ্ছন্নতা থকাটো সকলো ৰাইজেৰ কাৰণে নিজৰ দায়িত্ব হিচাপে ল'ব লাগে ।