লখিমপুৰ জিলাৰ বগীনদী জিয়াজুলিত সদৌ অসম আদি বাসী ছাত্ৰ সন্থাই কৰম পূজাত চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবীত আদিবাসী ছাত্র সন্থাৰ সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী।
আজি কৰম পূজাৰ দিনাই চিয়াজুলিৰ বীৰ বিৰছা মুণ্ডা ভৱনত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে
লখিমপুৰ জিলা আদিবাসী ছাত্র সন্থাই।
প্ৰতিবাদৰ সময়ছোৱাত অসমৰ ১ কোটি আদিবাসীক মৰ্যাদা প্ৰদান কৰক, কৰম পূজাৰ চৰকাৰী বন্ধ ঘোষণা কৰক আদি শ্ল'গানেৰে বিৰছা ভৱনৰ পৰিৱেশ উত্তাল কৰি তোলে।
ভাদ মাহৰ প্ৰথম একাদশীত কৰম পূজাৰ বাবে চৰকাৰী বন্ধৰ দাবীত শ্লোগান আৰু পৰম্পৰাগত নৃত্য পৰিৱেশন কৰি সাংস্কৃতিক প্ৰতিবাদ কৰে।
আজিৰ কাৰ্যসূচীত লখিমপুৰ জিলা আছাৰ প্ৰচাৰ সম্পাদক সিদ্ধেশ্বৰ দীপৰ লগতে কদম আঞ্চলিক আছাৰ কৰ্মী সকলে সহযোগ কৰে ।
লখিমপুৰৰ পৰা পল্লব মিলিৰ ৰিপৰ্ট ।