লখিমপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুলবাৰী ঘুনাসূতিত ৭ চেপ্তেম্বৰ তাৰিখে এগৰাকী বোৱাৰীৰ সন্ধানহীন হয়।ফুলবাৰী গাঁৱৰ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ললিত পায়েংঙৰ পত্নী মায়াৱতী পায়েং নামৰ মহিলা গৰাকী ৭ চেপ্তেম্বৰ পুৱাই ঘৰৰ পৰা সন্ধানহীন হয়।ঘটনাৰ বিৱৰণি অনুসৰি পুৱাই মায়াৱতী পায়েং নামৰ মহিলা গৰাকীয়ে বেংকৰ কামত ঘৰৰ পৰা ওলাই যোৱাৰ পিছত এবাৰো ঘৰলৈ ঘূৰি নাহিল।
১২ বছৰীয়া কন্যা আৰু ১০ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ মায়াৱতী পায়েঙৰ এনে ৰহস্যজনক নিৰুদ্দেশৰ ফলত পৰিয়ালৰ লোকসকল উপায়াক্তৰ হৈ চিন্তাত পৰিছে।নাই কোনোধৰণৰ সুংসুত্ৰ।এই মৰম লগা কণমানি পুত্ৰ সন্তানদুটি নিজ মাকক বিচাৰি,কোনেও নজনাকৈ কান্দিছে হৃদয় ভাঙি। নাজানে মাক ক'ত আছে, এদিন ঘৰলৈ উভতি আহিব নে! ঘৰৰ মানুহ ঘৰলৈ ঘূৰি অহাৰ অপেক্ষাত মাকক কাতৰ অনুৰোধ জনাইছে সন্তানটিয়ে,যেন মা নিজ ঘৰলৈ ঘূৰি আহক....।
এইখন ঘৰৰ পৰাই মায়াৱতী পায়েঙে ৭ চেপ্তেম্বৰৰ পুৱাই বেংকলৈ বুলি ওলাই গৈছিল।স্বামী ললিত পায়েং এইদিনা পত্নীক বেংকলৈ নাযাবলৈ কৈছিল যদিও মায়াৱতী পায়েং ঘৰৰ পৰা ওলাই যোৱাৰ পিছত নিৰুদ্দেশ হোৱা খবৰেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মায়াৱতী পায়েঙৰ পিতৃ ঘৰত খবৰ লোৱাৰ পিছতো কোনো সংসুত্ৰ নাপায় ১০ চেপ্তেম্বৰত স্বামী ললিত পায়েঙে উত্তৰ লক্ষীমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমানলৈকে মায়াৱতী পায়েঙৰ কোনোধৰণৰ সন্ধান পোৱা নাই।
যদি কোনো সদাশয় ব্যক্তিয়ে মহিলা গৰাকীৰ সন্ধান পালে :- 9678351307 ম'বাইল নম্বৰত যোগাযোগ কৰি খবৰ দিবলৈ মায়াৱতী পায়েঙৰ স্বামী ললিত পায়েঙে ৰাইজক কাতৰ অনুৰোধ জনাইছে।
গোগামুখৰ পৰা:- প্ৰমোদ টাইদৰ প্ৰতিবেদন ,মিচিং
লুটাদ