মাজুলীত জেংৰাই মুখ থানা আৰু আৰক্ষী ৰিভাৰ পেট্ৰলিং স্পেইড ব'ট উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে
।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মাজুলীত যোৱাকালি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে দুপৰীয়া প্ৰায় ১১-৪৫ বজাত কমলাবাৰী ফেৰী ঘাটত উপস্থিত হৈ অসম আৰক্ষীৰ অন্তৰ্গত মাজুলী আৰক্ষী বাহিনীয়ে আহতগুৰি আৰু দক্ষিণ আহতগুৰি পঞ্চায়তৰ চৰ চাপৰিত বাস কৰা ৰাইজৰ লগতে মাজুলীৰ বিভিন্ন চাপৰি অঞ্চলত বাস কৰা ৰাইজৰ কাষলৈ অতি কম সময়ৰ ভিতৰত যাবৰ কাৰণে সুদূৰ কেৰেলাৰ পৰা অনা অতি দ্ৰুত বেগী ৰিভাৰ পেট্ৰলিং স্পীদ ব'ট এখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে । ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে জেংৰাইমুখ স্থানত উপস্থিত হৈ জেংৰাইমুখ থানাত অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মান কৰি উলিওৱা জেংৰাইমুখ থানা শুভ উদ্বোধন কৰে । মাজুলীৰ পৰা লোকনাথ নৰহ প্ৰতিবেদন ।