আমাৰ মিচিং জনগোষ্ঠী আজিৰ এই 21 শতিকাৰ ডিজিটেল ৱৰ্ল্ডৰ প্ৰতিযোগিতাত কত অৱস্থিত বাৰু। হয় আমি সকলোৱে পৃথিৱীৰ লগত কদম মিলাই চলিব বিচাৰো, কিন্তু সামাজিক পৰিধিৰ কিছু অমান্তিকাৰক পৰিস্হিতি মাজত থাকিব লগীয়া হোৱা নাই তেনেও নহয়।
কাৰণ মিচিং নৈ-পৰিয়া মানুহবোৰ বছৰে প্ৰতি গঢ়া খহনিয়া, বানপানী এনে বহু সমস্যাৰ মাজত দিন অতিবাহিত কৰিছে, কোনোবাই এসাজ খাই এসাজ নোখোকেও থাকিবলগীয়া হৈছে। এনে অৱস্থাত চৰকাৰৰ কিছু আঁচনি ঢুকি পাইগে আকৌ কিছুমান আঁচনিৰ কথা গমকে পোৱা নাযায়। যি কেইটা আঁচনি বা সুবিধা চৰকাৰে দুখীয়া শ্ৰেণীক দিয়ে, তাতো MIDDLE MAN সোমাই, যি কেইজনে পাব লাগিছিল সেই কেইজন নাপায়। আৰু তেনে বহু সুবিধাৰ পৰা ঠগ প্ৰবঞ্চনাৰে বঞ্চিত কৰে। চাউলৰ পৰা আৰম্ভ কৰি, প্ৰধান মন্ত্ৰী আবাস যোজনা, JOB কাৰ্ড, আধাৰ কাৰ্ড, ইত্যাদি, বহুতো সুবিধা প্ৰকৃত দুখীয়াবোৰে আজিও উপভোগ কৰিব পৰা নাই মিচিং জনজাতীয় লোকসকল। আচলতে এতিয়া মিচিং মানুহে মিচিংক ঠগি শেষ কৰি পেলাইছে। দুখীয়া নিচলা, অশিক্ষিত মানুহবোৰক নজনাৰ ফাইদা উঠাই আছে এচাম অমানৱীয় দুষ্ট চক্ৰ লোকে। কাক বুলিবা ককা সবৰে দাড়ি চুলি পকা এতিয়া। তাকে যদি জাতি এটাৰ উন্নতি হবলৈ হলে জনা শিক্ষিত মানুহবোৰে সমানে নিচলা শ্ৰেণীক সমানে লৈ যাব পৰা হব লাগিব, কেৱল নিজৰ সুবিধা আৰু পেটক চাই থাকি, কাৰোবাৰ পেটত গুৰ মৰাটো কেতিয়াও মানৱীয়তাৰ পৰিচয় হব নোৱাৰে। গতিকে পাব লগীয়া জন পাব লাগে আৰু তাত কোনো পক্ষপাতিৰ স্থান পাব নালাগে।