Share on Facebook

ৰিয়া চক্ৰৱৰ্তী বেআইনীভাৱে ড্ৰাগছৰ ব্যৱসায়ত জড়িত আছিল। ৰিয়াক আটক ৰৰা হ’ব পাৰে।

 


সুশান্ত সিং ৰাজপুতৰ মৃত্যু তদন্তত নতুন মোৰ সৃষ্টি কৰিছে ৰিয়া চক্ৰৱৰ্তী আৰু ৰিয়াৰ ভাতৃ শৌভিক চক্ৰৱৰ্তীৰ ড্ৰাগছ মাফিয়াৰ সৈতে যোগা়োগৰ ঘটনাই। ইতিমধ্যে এই অভিযোগত গ্ৰেপ্তাৰ হৈছে ৰিয়াৰ ভাতৃ শৌভিক। আটক কৰা হৈছে সুশান্তৰ পৰিচাৰক দীপেশক। 


দীপেশৰ জেৰাত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। জেৰাত লাভ কৰা তথ্য আৰু আন সূত্ৰৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি দেওবাৰে পুৱা ৬.৩০ বজাত ৰিয়াৰ বাসগৃহত উপস্থিত হয় এনচিবিৰ বিষয়া। 




ৰিয়াক সোধা–পোছাও কৰা হ’ব বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, এনচিবিৰ জেৰাত দীপেশে কৈছে, ৰিয়া চক্ৰৱৰ্তী বেআইনীভাৱে ড্ৰাগছৰ ব্যৱসায়ত জড়িত আছিল। এই কথা কেৱল দীপেশেই নহয়, ইয়াৰ পূৰ্বে আৰক্ষীক জনাইছিল সুশান্তৰ মেনেজাৰ ছেমুৱেল মিৰাণ্ডায়ো। ৰিয়াৰ ঘৰৰ পৰা কেতবোৰ উল্লেখযোগ্য তথ্য পোৱা গৈছে, তাৰ ওপৰত ভিত্তি কৰি ৰিয়াক আটক ৰৰা হ’ব পাৰে।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post