ঢকুৱাখনাৰ খেৰকটা পঞ্চায়ত বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীক আক্ৰমণ কৰা যুৱক সকলৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত টি,এম,পি,কে'ৰ প্ৰাক্তন উপ সভাপতি পদ্মলোচন দলেক গোগামুখৰ ঘৰৰ পৰা পুৱতি নিশা ঢকুৱাখনা আৰক্ষীয়ে আটক কৰি আনি দিনটো থানাত ৰাখি বিভিন্ন সোধ-পোচ চলোৱাৰ পিছত বিয়লি মুকলি কৰি দিয়াৰ ঘটনাৰ পিছতে ঢকুৱাখনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
থানাৰ পৰা উলাই অহা পদ্মলোচন দলেক লৈ মিচিং জাতীয় সংগঠনবোৰে ঢকুৱাখনাৰ মিচিং কৃষ্টি ভৱনৰ প্ৰাংগনত সন্ধিয়া এখন সংবাদ মেল অনুষ্ঠিত কৰি-শাসকীয় দল বিজেপি আৰু ঢকুৱাখনাৰ স্থানীয় বিধায়কজনৰ কাম-কাজক তীব্ৰ ভাষাৰে সমালোচনা কৰে।আটক কৰি এৰি দিয়া প্ৰাক্তন মিচিং ছাত্ৰ নেতা পদ্মলোচন দলেয়ে কয় যে-"গোগামুখৰ ঘৰৰ পৰা মোক ঢকুৱাখনা আৰক্ষীয়ে একো কাৰণ নজনোৱাকৈ উঠাই আনি দিনটো থানাত ৰাখি বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িতৰ সন্দেহত মোক যি মানসিক নিৰ্যাতন চলালে ইয়াক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ।মই এতিয়া টি,এম,পি,কে আৰু গণশক্তিৰ সদস্য হৈ থকা নাই।কিছুদিন পূৰ্বেই মই এই সংগঠন দুটাৰ পৰা অব্যাহতি লৈছোঁ।তেনে স্থলত মোক বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীক আক্ৰমণৰ ঘটনাৰে জড়িত কৰিবলৈ বিচৰাটোত শাসকীয় দলৰ ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত আছে।ঢকুৱাখনা আৰক্ষীক শাসকীয় দল আৰু স্থানীয় বিধায়কজনে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি নিৰ্দোষী লোকক হাৰাশাস্তি কৰাটো আমি সহ্য নকৰোঁ।অহা-২০২১ চনৰ নিৰ্বাচনত মিচিং জাতীয় সংগঠনবোৰে বিজেপি বিৰুদ্ধী সকলো দল-সংগঠনৰ সহযোগত বিধায়ক নৱ দলেক যোগ্য প্ৰত্যুত্তৰ দিম।"
প্ৰাক্তন মিছিং ছাত্ৰ নেতা পদ্মলোচন দলেয়ে অতি ক্ষোভেৰে কয় যে-"নৱ কুমাৰ দলেয়ে সুবিধাবাদী ৰাজনীতিৰে যি দৰে
অগপৰ ৰাজহাড় ভাঙি থৈ গ'ল।সেইদৰে এতিয়া মিত্ৰ দল গণশক্তিকো ধ্বংস কৰিব বিচাৰিছে।যিটো গণশক্তি দলৰ বোকোচাত উঠি নৱ দলে বিধায়ক আৰু মন্ত্ৰী হৈছিল সেই দলকেই এতিয়া নিশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাটো অতি দুৰ্ভাগ্যজনক কথা।
পুলিন পেগু/ ঢকুৱাখনা