আজি শিক্ষক দিৱস। আজি সমগ্ৰ দেশে শ্ৰদ্ধা নিবেদন কৰিছে শিক্ষাগুৰুৰ প্ৰতি। গুৱাহাটী মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কেন্দ্ৰীয় ভাবে অনুষ্ঠিত কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী। আজিৰ দিনটোতে ৰাজ্যৰ মনোনীত কৃতী শিক্ষকলৈ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।শৰ্মাই কয় যে, গুৰু শিষ্যৰ মাজৰ সম্পৰ্কৰ আদৰ্শক জীয়াই ৰাখিব লাগিব। শিক্ষা গুৰুৰ মাজত পৰম ব্ৰহ্মাৰ ছবি দেখো। আদিগুৰু হিচাপে পিতৃৰ ছবি দেখা পাও। ঠিক তেনেদৰে শিক্ষা গুৰুৰ মাজতো ভগৱান পোৱা যায়। প্ৰাচীনকালৰ পৰা গুৰুক সুকীয়া মৰ্যদা প্ৰদান কৰি অহা হৈছে। ভাৰতৰ শিক্ষা ব্যৱস্থাত গুৰু শিষ্যই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।’