ঢকুৱাখনাত গণশক্তি দলৰ গুণ্ডাগিৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।
যোৱা ৩ ছেপ্টেম্বৰ তাৰিখে গণশক্তি দলৰ কেইজনমান লোকে বিজেপিৰ যুৱ মৰ্চা কৰ্মীক খেৰকটা পঞ্চায়তত আক্ৰমণ লৈ ঢকুৱাখনাত আজি ঢকুৱাখনাত নিৰ্যাতিত সন্তানসকলৰ অভিভাৱক আৰু ৰাইজৰ উদ্যোগত ৰাজপথ উত্তাল কৰি তোলে।
হাজাৰ হাজাৰ লোকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰি গণশক্তি দলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগানৰে দোষীক কঠোৰ শাস্তি দাবীৰে বিশাল প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰি এইসকল লোকে ঢকুৱাখনা নগৰৰ পৰা চক্ৰ বিষয়া কাৰ্যালয়লৈকে আহি স্মাৰক পত্ৰ প্ৰদান কৰে।
পুলিন পেগু/ঢকুৱাখনা