লখিমপুৰ জিলাৰ ঘূণাসুঁতি তামনচুকত উত্তাল প্ৰতিবাদ।
লখিমপুৰ জিলাৰ অন্তৰ্গত বগীনদী উন্নয়নখণ্ডৰ অধীনৰ চাউলধোৱাৰ পৰা লখিমপুৰ উন্নয়নখণ্ডৰ অধীনৰ জংকী-পানৈৰ দেশ হিচাপে খ্যাত ঘূণাসুঁতি তিনিআলিলৈ সংযোগ কৰা গড়কপ্তানি পথটো ঘূণাসুঁতি গাওঁ পঞ্চায়তৰ এক নং ৱাৰ্ডৰ তামোলচুকৰ অংশত মূল গড়কপ্তানি পথৰ পৰা ফালৰি কাটি অস্থায়ী পথাৰলৈ অহা- যোৱা কৰা গমীৰাম চুকৰ পথেৰে নিৰ্মাণ কৰিব বিচৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় শতাধিক ৰাইজে ।
ৰাইজে অভিযোগ কৰা অনুসৰি ,
চাউলধোৱাৰ পৰা ঘূণাসুঁতি তিনিআলি সংযোগী বিধ্বস্ত পথটো গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হৈ আছে যদিওঁ একাংশ সুবিধাবাদীয়ে ঘূণাসুঁতিৰ এক নং ৱাৰ্ডৰ তামোলচুকৰ গড়কপ্তানি পথটোৰে ঘূণাসুঁতি তিনিআলিলৈ সংযোগ কৰাৰ সলনি পথাৰলৈ অস্থায়ীভাৱে অহা-যোৱা কৰাৰ বাবে ব্যৱহাৰ কৰা গমীৰাম চুক হৈ নিৰ্মাণ কৰাৰ ষড়যন্ত্ৰ কৰিছে ।
এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি তামনচুকৰ শতাধিক ৰাইজ পথটোলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।
আনহাতে গমীৰাম চুকৰ পথটোৰে যাতায়ত কৰিব নোৱাৰাকৈ ৰাইজে পথটোৰ মূৰত দ- গাঁত খান্দি দিয়ে তথা জেওৰা মাৰি দিয়ে ৰাইজে ।
ৰাইজৰ দাবী মানি নললে প্ৰয়োজন অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিছে ৰাইজে ।
উল্লেখযোগ্য যে , তামনচুকৰ গড়কপ্তানি পথটোত আজি প্ৰতিবাদী ৰাইজে শ্ৰমদান কৰি পথটোৰ বিধ্বস্ত অংশ সূচল কৰি লয় ।
লখিমপুৰৰ পৰা পল্লব মিলিৰ ৰিপৰ্ট।