লখিমপুৰত জিলাৰ বগীনদীত প্ৰমিলা ৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্ম আৰু হাগ্ৰামাহ মহিলাৰীৰ পুত্তলিকা দাহ ।
লখিমপুৰৰ বগীনদীত সংযুক্ত বড়ো গনমঞ্চৰ লগতে বড়ো জাতীয় সংগঠন সমূহৰ প্ৰতিবাদ ।
নৱগঠিত ও অনুস্থিত বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ বিধেয়কখন চলি থকা চাৰি দিনীয়া বিধানসভাৰ শৰৎকালিন অধিবেশনত অনুমোদন নোহোৱা বাবে এই প্ৰতিবাদ ।
প্ৰতিবাদ কাৰিয়ে বি টি এ ডিৰ প্ৰাক্তন মূখ্য কাৰ্যবাহী সদস্য হাগ্ৰামাহ মহিলাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু কেবিনেট মন্ত্ৰী প্ৰমিলাৰানী ব্ৰহ্ম পুত্ৰলিকা দাহ কৰি বিভিন্ন শ্লোগানেৰে বগীনদীৰ আকাশ বতাহ কপাই তুলে ।
প্ৰতিবাদ কাৰিয়ে আগন্তুক নিৰ্বাচনৰ ইয়াৰ প্ৰতুত্তৰ দিবলৈও প্ৰস্তুত বুলি মন্তব্য কৰে ।
পল্লব মিলি / লখিমপুৰ ।