Share on Facebook

মাজুলী জিলাৰ ফুলনি পঞ্চায়তৰ কলীয়া- বৰগুৰি সংযোগী পথৰ দুৰৱস্থা

 


মাজুলী জিলাৰ ফুলনি পঞ্চায়তৰ কলীয়া- বৰগুৰি সংযোগী পথৰ দুৰৱস্থাৰ ,বোকাময় কদৰ্য পথেৰে  যাতনাভূগি কৰিছে যাতায়ত : 


   মাজুলী জিলাৰ ফুলনি পঞ্চায়তৰ ১নং ৱাৰ্ডৰ বৰ কলিয়া গাঁৱৰ সদা ব্যস্ত এক মাত্ৰ পথ বৰগুৰি সংযোগী পথ । যিটো পথে মাজুলীৰ লগতে লখিমপুৰ জিলাৰ প্ৰায় কৰি মাজুলী জিলাৰ  প্ৰায় ২০ খন গাঁৱৰ বৃহৎ  অঞ্চলক সংযোগ কৰা পথটোৱে যাতায়ত কৰা এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে ।


 অঞ্চল বাসীৰ কৃষি, বাণিজ্য ,শিক্ষা, ,স্বাস্থ্য ,চিকিৎসা, আৰু অন্যান্য কাৰণত চৌবিশ ঘণ্টাই ব্যস্ত পথত এতিয়া যাতায়তৰ অনুপযোগী   হৈ পৰে ।


গালৰকাপ্তানী বিভাগৰ সমান্তৰাল ভাৱে স্থানীয় গাওঁ পাঞ্চায়টোৰ লগতে , মিছিং স্বায়ত্ব শাসিত পৰিষদ, জিলা প্ৰশাসনে ,ৰাজনৈতিক দল , আৰু বিভিন্ন স্তৰৰ জনপ্ৰতিনিধিয়ে অৱহেলা কৰি অহাৰ প্ৰৰিপেক্ষিতট বৰ্তমান পথটোৰ পৰাই দুশ মিটাৰ মান দৈঘ্য প্ৰকাণ্ড গাত আৰু বোকাৰ কদৰ্যমই পথেৰে যাতায়ত কৰিব লগীয়া হোৱাত ৰাইজৰ দুৰাৱস্থা দিনক দিনে বৃদ্ধি পাইছে ।


ৰাইজে পথছোৱা শীঘ্ৰে মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে ।



 তথৈবচ  সদা ব্যস্ত  মাজুলীৰ মূল পথ PWD লৈ সংযোগ কৰে। লগতে সেই পথে অঞ্চলটোৰ এক মাত্ৰ চিকিৎসা কেন্দ্ৰ ৰঙাচাহী ৰাজ্যিক চিকিৎসালয় কেন্দ্ৰকো সংযোগ কৰে আৰু এই অঞ্চলটোত বহুতো উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানৰ পৰা আদি কৰি নিন্ম আৰু মধ্য বহুতো শিক্ষানুষ্ঠান আছে কিন্তু দুৰ্ভাগ্যৰ বিষয় এনে এক সকলো দিশৰ পৰা খুবেই প্ৰয়োজনীয় পথ আজিও পকিকৰণ নহল।




বিশেষ সূত্ৰে অঞ্চলবাসী ৰাইজে জানিব পৰা মতে ৰাস্তা পকিকৰনৰ নিবিদা যোৱা তিনি চাৰি মাহ আগতেই জাননী জাৰী কৰা হৈছিল কিন্তু সেই নিবিদা জাননীৰ পৰৱৰ্তী কালত অৰ্থাৎ আজিলৈকে ৰাস্তাত এটা শিলো নপৰা দেখি সচেতন ৰাইজে খুবেই আশ্বৰ্য্য প্ৰকাশ কৰিছে।



গতিকে, আজি  ৰাইজে  নিউজ চেনেলৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী তথা মাজুলী বিধান  সভা সমষ্টিৰ বিধায়ক ডাঙৰীয়ালৈ বিনম্ৰতাৰে অনুৰোধ জনাই যে এই সদা ব্যস্ত চাৰিও দিশৰ পৰা খুবেই জৰুৰী পথটো অতি শীঘ্ৰে পকীকৰণৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে যেন। কিয়নো এনে জৰাজীৰ্ণ অৱস্থাৰ কাৰণে এই অঞ্চলটোলৈ জৰুৰীকালীন সেৱাৰ লগত জঢ়িত স্বাস্থ্য বিভাগৰ সেৱা সমূহো আহিবলৈ দহ বাৰ ভাবিবলগীয়া অৱস্থা হোৱা আমি প্ৰত্যক্ষ কৰিছো যাৰ ফলত অকালতে বহু জনৰ জীৱন যোৱা আমি প্ৰত্যক্ষ কৰি আহিছোঁ। সেয়েহে, আজি  ৰাইজে পণ লৈ যে অনাগত বিধানসভা নিৰ্বাচনৰ আগত ৰাস্তা পকিকৰণৰ কাম আৰম্ভ নকৰে তেন্তে কলিয়া  বাসী ৰাইজে ভোট বৰ্জন কৰাৰ দৰে সিদ্ধান্ত গ্ৰহন কৰিব বুলি জানিব দিয়ে।                   

  মাজুলী পৰা লোকনাথ নৰহ ৰিপোৰ্ট

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post