Share on Facebook

২৩ চেপ্তেম্বৰ'২০২০ তাৰিখ বুধবাৰে বোকাখাট নাট্য মন্দিৰত TMPK MMK আৰু TMMK কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

 ২৩ চেপ্তেম্বৰ'২০২০ তাৰিখ বুধবাৰে বোকাখাট নাট্য মন্দিৰত TMPK MMK আৰু TMMK কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। 


সভাত প্ৰধানকৈ অহা ২০২১ চনত TMPKৰ সোণালী জয়ন্তী বৰ্ষপূৰ্তীৰ লগত সংগতি ৰাখি গ্ৰহণ কৰা বছৰযোৰা কাৰ্যসূচী, ৰাজনৈতিক দিশ আৰু সাংগঠনিক দিশৰ ওপৰত বিশদ আলোচনা কৰা হয়। 


আগন্তুক অসম বিধানসভা সমষ্টিৰ নিৰ্বাচনত সন্মিলিত গণশক্তি, অসম দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা প্ৰাৰ্থী TMPKৰ প্ৰাক্তন উপ সভাপতি শ্ৰী পদ্মলোচন দেৱে সংগঠনটোৰ পৰা অব্যাহতি লোৱাৰ পৰিপ্ৰেক্ষিতত খালী হোৱা পদটি পূৰণ কৰি লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ বাবে আজি ২১ বছৰীয়া সংগ্ৰামৰ মূল গুৰি ধৰোঁতা শ্ৰী মিন্টুৰাজ মৰাঙক TMPKৰ নতুন উপ সভাপতি হিচাপে অধিষ্ঠিত কৰে। 


তেখেতৰ এই নতুন যাত্ৰাই লাইকা-দধায়াবাসীৰ পুণৰ সংস্থাপন সংগ্ৰামক আৰু বলিষ্ঠভাৱে আগুৱাই লৈ যাব পাৰিব বুলি বিভিন্ন মহলৰ পৰা আশা প্ৰকাশ কৰা হৈছে। ইতিমধ্যে চছিয়েল মেডিয়াৰ যোগেদি তেখেতলৈ বিভিন্ন মহলৰ পৰা অজস্ৰ শুভেচ্ছা জ্ঞাপন কৰিছে। 


মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰী প্ৰশান্ত বড়ি দেৱেও তেখেতৰ এই নতুন যাত্ৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। তেখেতে প্ৰতিনিধিত্ব কৰা দধিয়া বনগাঁৱৰ লগতে লাইকাবাসীৰ বাবে এয়া এক অত্যন্ত সুখৰ বাৰ্তা বুলি বিভিন্ন জনে মন্তব্য আগবঢ়াইছে। 


TMPKৰ উপ সভাপতিৰ দায়িত্ব লাভ কৰিয়েই শ্ৰী মৰাঙে পোনে পোনে TMPK তিনিচুকীয়া জিলা সমিতিৰ সভাপতি মিগাং বাণীকান্ত দলে, কেন্দ্ৰীয় সদস্য মিগাং প্ৰসন্ন নৰহ, দধিয়া বনগাঁৱৰ বনগাঁওবুঢ়া বিৰাট নৰহ আৰু লাইকা বনগাঁৱৰ গাঁওবুঢ়া জগত লাগাছুদেৱক লগত লৈ লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ ওপৰত এক চূড়ান্ত আলোচনাত ভাগ ল'বলৈ গুৱাহাটীলৈ ৰাওনা হয়। 


ইতিমধ্যে তিনিচুকীয়া জিলা উপায়ুক্তৰ যোগেদি লাইকা-দধিয়াবাসীৰ বাবে বনবিভাগৰ প্ৰায় ৪৭০হেক্টৰ পতিত ভূমিৰ ১০পৃষ্ঠা জোৰা প্ৰস্তাৱপত্ৰ মূখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে। এই প্ৰস্তাৱ পত্ৰৰ আলম লৈয়ে মূখ্যমন্ত্ৰীৰে আলোচনাত মিলিত হ'ব লাইকা-দধিয়া তথা TMPKৰ এই প্ৰতিনিধি বৰ্গ। 


পুনৰ সংস্থাপনৰ বাবে আজি-কালিকৈ কেৱল TMPKৰ মূখলৈকে চাই থকা লাইকা-দধিয়াবাসীয়ে বহু আশাৰে এই প্ৰতিনিধি সকললৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে বুলি জানিব পৰা গৈছে।  মূখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈ কি বাৰ্তা লৈ আনে সেয়াহে লক্ষণীয় হ'ব।



ডুমডুমা 'ফিল'বাৰীৰ পৰা ৰিৰ্পোট-মোহন টাইদ-মিচিং লুটাদ।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post