অয়েঙীয়াত বৰগাঁৱত গৃহ বঞ্চিত হিতাধিকাৰীৰ তীব্ৰ প্ৰতিবাদ।
গৃহ প্ৰদানৰ নামত সংগ্ৰহ ৫০০ শৰ পৰা ২০০০ টকা পৰ্যন্ত।
এতিয়া ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত অয়েঙীয়া বৰগাঁৱত সংঘটিত হৈছে দুৰ্নীতিৰাজ অনিয়ম।
এই কাণ্ড সংঘটিত কৰিছে শাসকীয় চৰকাৰৰ কেইজনমান বিজেপিৰ দলীয় কৰ্মীয়ে।
শূন্য সহনশীল আৰু দুৰ্নীতি মুক্ত অসম শ্লোগান আওৰা বিজেপি চৰকাৰৰ দিনতে ঢকুৱাখনাত বৃহৎ অংকৰৰ মুনাফা আদায় কৰাৰ অভিযোগ উত্থাপিত হৈছে।
অভিযোগ অনুসৰি প্ৰায় ৪৮ জন হিতাধিকাৰীক গৃহ দিয়া নামত বিজেপিৰ কৰ্মী কেশৱানন্দ টাৱ, বিশ্বজিৎ পাৱ, সৰ্বানন্দ টাৱ আৰু জীৱানন্দ পাঞাঙে প্ৰতিটো গৃহৰ পৰা ৫০০ শৰ পৰা ২০০০ হাজাৰ টকা পৰ্যন্ত বৃহৎ ধন সংগ্ৰহ কৰে।
কিন্তু এইসকল প্ৰকৃত হিতাধিকাৰীৰ গৃহ লাভ কৰাৰ পৰা বঞ্চিত হোৱাত ক্ষোভত আজি ৰাজপথলৈ ওলাই আহে।
দুৰ্নীতি সংঘটিত কৰা এইসকলৰ বিৰুদ্ধে উচিত তদন্ত কৰি প্ৰকৃত হিতাধিকাৰীক গৃহ প্ৰদান কৰিবলৈ মহকুমা প্ৰশাসন আৰু মন্ত্ৰী নৱকুমাৰ দলেক অনুৰোধ জনায়।
ঢকুৱাখনা/ পুলিন পেগু