যোৰহাটৰৰ চিকিৎসক ডা:ৰাহুল বসুমতাৰীৰ হত্যাকাৰী দিগন্ত তাঁতীক গ্ৰেপ্তাৰ।হত্যাকাৰী দিগন্ত তাতীয়ে নিজ মুখে স্বীকাৰ চিকিৎসক ৰাহুল বসুমতাৰীক হত্যাৰ বিষয়ে।
২৪ঘণ্টা নহওতেই যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰীক। যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে গড়আলিৰ সদৰ গেটৰ সমীপৰ বাসগৃহৰ পৰা দিগন্তক গ্ৰেপ্তাৰ কৰে। চিনামৰা বাগিচাৰ সমীপৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে ধৃত দিগন্তৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰাহুলৰ ৰয়েল এনফিল্ড মটৰচাইকেলখন, ইয়াৰ ছাবি, কেমেৰা আদি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে, আৰক্ষীৰ জেৰাত ধৃত দিগন্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। হত্যা কৰাৰ পিছত কাপোৰ সলাই বাথৰূমত গা ধুই ৰাহুলৰ কোঠাত বহু সময় পাৰ কৰিছিল দিগন্তই। ৰাহুলৰ বন্ধু দিগন্ত পেচাত এজন পেইণ্টাৰ আৰু দিগন্তৰ সৈতে ৰাহুলৰ বন্ধুত্ব দীৰ্ঘদিনীয়া নাছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে। ধৃত দিগন্তৰ পৰা আৰক্ষীয়ে মৃত ৰাহুলৰ মোবাইল ফোনটো উদ্ধাৰ কৰিছে। মাজনিশা গ্ৰেপ্তাৰ কৰাৰ পিছত বৰ্তমান দিগন্তক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। দিগন্তৰ স্বীকাৰোক্তিৰ পৰাই স্পষ্ট হব হত্যাকাণ্ডৰ আৰৰ কাহিনী।
বড়ো ছাত্র সন্থাই ৰাহুল বসুমতাৰীৰ হত্যাকাৰীক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসন আৰু ৰাজ্য চৰকাৰক দাবী জনায়।