Share on Facebook

গহপুৰত জানমনি কুটুমৰ হত্যাকাৰীৰ শাস্তিৰ দাবী শৃংখল চলিহাৰ প্ৰতিবাদী সজাগতা সভা

 যোৱা ২৮ ফেব্ৰুৱাৰীত গহপুৰৰ ১নং চকলাত ৯ টাকৈ নৰপিশাচে এগৰাকী ১১ বছৰীয়া নাবালিকাক দলবদ্ধ ভাবে ধৰ্ষণ কৰাৰ লগতে হত্যা কৰি গছত ওলমাই থোৱা ঘটনাই জোকাৰি গৈছিল সমগ্ৰ গহপুৰ মহকুমা।



দলবদ্ধ ভাবে ধৰ্ষণ আৰু হত্যা কৰি গছত ওলমাই থোৱা ৯ টাকৈ নৰপিষাচে আইনৰ সুৰুঙা লৈ এমাহ নহওতেই কেনেকৈ মুকলি আকাশ তললৈ আহিল ইয়াকে লৈ গহপুৰত বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। 

প্ৰতিবাদী সকলে ফ্ৰাচট্ৰেক আদালতৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰিব লাগে বুলি প্ৰশাসনৰ ওচৰত দাবী জনোৱাত জানমনি কুটুমৰ কেচটো পুনৰ ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষী প্ৰশাসনে। 

৯টাকৈ হত্যাকাৰীৰ চাৰিজন পলাতক অৱস্থাত আছে। জানমনি কুটুমৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত আজি গহপুৰত এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত লাচিত সেনাৰ সভাপতি শৃংখল চলিহা উপস্থিত হৈ গহপুৰ আৰক্ষী প্ৰশাসন আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰ খনক তীব্ৰ ভাষাৰে গৰিহণা দি জানমনি কুটুমৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ লগতে ক্ষতি পূৰণ দিয়া দাবী তোলে শৃংখল চলিহাই।


   গহপুৰৰ পৰা মহেন্দ্ৰ পগাগ।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post