আজি লখিমপুৰ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত তথা কদম আঞ্চলিক আছাৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা ৰাষ্ট্ৰীয় ছহিদ বীৰ বিৰচা মুণ্ডাৰ ১৪৫ তম জন্ম জয়ন্তী উদযাপনৰ সামৰণি পৰে ।
বগীনদীৰ চিয়াজুলি স্থিত বীৰ বিৰচা মুণ্ডা ভৱনত অনুষ্ঠিত হোৱা কাৰ্যসূচী মৰ্মে পুৱা বীৰ বিৰচা মুণ্ডাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক যোছেফ মিঞ্জে ।
ইয়াৰ পিছত সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয় । দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা মূলসভাৰ সভাপতিত্ব কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ভদ্ৰেশ্বৰ নায়কে
আনহাতে সমষ্ট অনুষ্ঠানৰ আঁত ধৰে লখিমপুৰ জিলা আছাৰ প্ৰচাৰ সম্পাদক সীদ্ধেশ্বৰ দীপ আৰু যুতীয়া সম্পাদক সঞ্জীৱ ওৰাঙে ।
পল্লব মিলি/লখিমপুৰ
