অইল ইণ্ডিয়া লিমিটেডৰ লিখিত পৰীক্ষাত অনিয়মৰ অভিযোগ ।
অইলৰ এইচ এম ভি ৩৬ টা পদৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ ।
অইলৰ লিখিত পৰীক্ষাৰ দায়িত্বত আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয় ।
এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে পৰীক্ষাৰ্থী সকলে ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষা আৰম্ভ হোৱাৰ পিচতেই ফাদিল হোৱাৰ অভিযোগ তুলিলে পৰীক্ষাৰ্থী সকলে ।
পৰীক্ষাৰ্থীসকলে সমগ্ৰ ঘটনা সৰ্ন্দভত চি আই ডিৰ তদন্তৰ দাবী তুলিলে।

