তিনিচুকীয়া জিলাৰ কাকপথাৰৰ প্ৰতিদিন টাইমৰ সাংবাদিক পৰাগ ভূঞালৈ বিহালী প্ৰেছ ক্লাব আৰু বিশ্বনাথ জিলা বাৰ্তাজীৱি সংঘৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয় ৷
বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বেদেতীত বিহালীৰ বিভিন্ন দল, সংগঠনৰ সহযোগত নিৰ্ভিক সাংবাদিক গৰাকীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷
পৰাগ ভূঞাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷
সাংবাদিক গৰাকীৰ আত্মাৰ সদগতিৰ বাবে সকলোৱে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে দোষীক অতি সোনকালে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ।