অৱশেষত ঘোষণা হ'ল BTCৰ নিৰ্বাচনৰ দিন৷ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব BTCৰ নিৰ্বাচন৷
৭ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব৷
১০ ডিচেম্বৰত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন৷
BTC নিৰ্বাচনৰ ভোট গণনা হ'ব ১২ ডিচেম্বৰ৷ এই কথা মঙলবাৰে ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে৷
BTCৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া পুৱা ৭.৩০ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ চলিব৷ ইপিনে ভোটগণনা আৰম্ভ হ'ব ১২ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা৷
