তেজপুৰ আৰু শুৱালকুচি কাণ্ডৰ বাবে সমগ্ৰ ৰাজ্যজুৰি আছুৱে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ হেলেমটো আছু কৰ্মীয়ে দাহ কৰিব লৈছিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা। পিছে হেলেম আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি পুত্তলিকা দাহ কৰিবলৈ বাধা প্ৰদান কৰাত পুত্তলিকাক লৈ হেলেম আৰক্ষী আৰু আছু কৰ্মীৰ মাজত টনা আঁজোৰা ৰ সুত্ৰপাত হয়। অৱশেষত হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত কুমাৰ ভূঞাৰ নেতৃত্বত ছয় জন আছু আৰু এ জে ৱাই চি পি কৰ্মীক আটক কৰি হেলেম আৰক্ষী থানালৈ লৈ যায়।
আজি জোনাই আঞ্চলিক AASU ৰ উদ্যোগত প্ৰায় অৰ্ধশতাধিক ছাত্ৰই CAA বিৰুদ্ধে গণতান্ত্ৰিক ভাবে কৰা প্ৰতিবাদৰ ওপৰত সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰে তেজপুৰত আৰু যোৱা কালি শুৱালকুচিত ছাত্ৰ সন্থাৰ কৰ্মীৰ লগতে ছাত্ৰীৰ ওপৰত কৰা আক্রমণৰ প্ৰতিবাদত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাস কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মী সকলে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰাৰ উপৰিও সৰ্বানন্দ কাম নাই , CAA বাতিল কৰক , EIA বাতিল কৰক, বিজেপি চৰকাৰ মূৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় কাষৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ উত্তাল কৰি তুলে ৷