আজি বি জে পি ৰ জোনাই সমষ্টিৰ তেলাম আৰু লাইমেকুৰী আঞ্চলিক সমিতিৰ শতাধিক কৰ্মীয়ে ন - বিজেপি ভুৱন পেগুৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
জানিব পৰা মতে নিজে প্ৰতিষ্ঠা কৰা সন্মিলিত গন শক্তি অসম নামৰ উপ - আঞ্চলিক দল এৰি বিজেপিত যোগদান কৰা বিধায়ক ভুৱন পেগুক আগন্তুক নিৰ্বাচনত বিজেপিৰ পৰা টিকত দিব বুলি প্ৰচাৰ হোৱাত নিষ্ঠাবান বিজেপি কৰ্মী সকলে ক্ষুণ্ণ হৈ পৰিছে ৷ তাৰ পৰিপেক্ষিতত আজি তেলাম বজাৰত একাংশ বিজেপি কৰ্মীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ভুৱন পেগুৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে লগতে মিথ্যাচাৰী ভুৱন পেগুক কেতিয়াও গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে ৷