Share on Facebook

ধেমাজী জিলাৰ জোনাই সমষ্টিৰ ন - বিজেপি ভূৱন পেগুৰ বিৰুদ্ধে বিজেপি নেতা - কৰ্মীৰ প্ৰতিবাদ অব্যাহত ৷

   মিচিং জাতীয় সংগঠনৰ ঔৰসত জন্ম লাভ কৰা তথা নিজে প্ৰতিষ্ঠা কৰা সন্মিলিত  গণশক্তি অসম নামৰ অসমৰ উপ - আঞ্চলিক ৰাজনৈতিক দলটোৰ পৰা ৰাজহুৱাকৈ পদত্যাগ নকৰি বিজেপি দলত যোগদান কৰা ভূৱন পেগুৰ বিৰুদ্ধে নিজ সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে ৷




 যোৱা কালি বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি গুণৰাম পাতিৰে ন - বিজেপি ভূৱন পেগুক  জাতি - জনগোষ্ঠীৰ মাজত বিভ্ৰান্তি সৃষ্টিকাৰী ও জনগোষ্ঠীৰ তেজ খোৱা নৰখাদক বাঘৰ সতে তুলনা কৰি ক্ষোভ উজাৰে ৷

   আনফালে ৰাজ্যিক বিজেপি মূখপাত্ৰ তথা জোনাই সমষ্টিৰ বিজেপি দলৰ পাৰ্থিত্ব প্ৰত্যাশী অশ্বিনী পাইতে ভূৱন পেগুক বিতৰ্কিত বিধায়কৰ আখ্যা দি নিজ সমষ্টিৰ ৰাইজে  আঠু কাঢ়িব দিয়া মানুহ এজনক টিকট নিদিবলৈ আহ্বান জনাই ৷আৰু কেবাজনো বিজেপিৰ নিষ্টাবান কৰ্মীয়ে ন - বিজেপি ভূৱন পেগুক গুণ্ডবাহিনীৰ নায়ক ও ভেকুলী আখ্যা দি কটু মন্তব্য আগবঢ়াই তুচ্ছ - তাচ্ছিল্য কৰে ৷

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post