ঢকুৱাখনাত কংগ্ৰেছৰ মনোনয়ন পত্ৰ দাখিল কৰা দিনাই ঢকুৱাখনাত ৩ শতাধিক কংগ্ৰেছ আৰু গণশক্তি নেতা কৰ্মীৰ বিজেপিত যোগদান।
প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোতে কংগ্ৰেছক মোক্ষম আঘাত কৰি বিজেপিত যোগদান কৰে ৩ শতাধিক কংগ্ৰেছ আৰু গণশক্তি কৰ্মীয়ে।
ভাৰতীয় জনতা পাৰ্টিৰ নীতি - আদৰ্শ প্ৰতি আকৃষ্ট হৈ বগীনদী,ঘিলামৰা আৰু ঢকুৱাখনা মণ্ডলত মংগলবাৰে আয়োজিত যোগদান কাৰ্যসূচীত কংগ্ৰেছ , গণশক্তি তথা বিভিন্ন ৰাজনৈতিক দল আৰু কেইবাটাও সংগঠনৰ প্ৰায় তিনি শতাধিক ব্যক্তিয়ে বিজেপিত যোগদান কৰে।
মন্ত্ৰী নৱকুমাৰ দলেই যোগদান কৰা প্ৰতিগৰাকী ব্যক্তিকে ভাৰতীয় জনতা পাৰ্টিলৈ স্বাগতম জনাই আগন্তুক দিনত সকলোৱে নিজ নিজ দায়িত্ব সুকলমে পালনৰ দ্বাৰা ভাৰতীয় জনতা পাৰ্টিক উদ্ভাসিত কৰি তুলিবলৈ অনুৰোধ জনায়