পঃৰাগ (Po:rag) মিচিং জনগোষ্ঠীৰ পৰম্পৰা আৰু উৎসৱৰ সমাহাৰেৰে উদযাপন কৰা এক ৰাজহুৱা অনুষ্ঠান ৷
মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাংৰ পিছতেই পঃৰাগ উৎসৱৰ নাম উল্লেখ কৰিব পাৰি। লৃগাঙৰ দৰে পঃৰাগো কৃষি উৎসৱ।
গাৱঁৰ ডেকা-গাভৰুৰ প্ৰচেষ্টাত এই উৎসৱ হয় যদিও গাঁৱৰ ল’ৰা-ছোৱালী, বুঢ়া-বুঢ়ী সকলোৱে ইয়াৰ লগত জড়িত হৈ থাকে।
পঃৰাগ উৎসৱ পাতিবৰ বাবে মুৰং ঘৰ নিৰ্মাণ কৰাটো অপৰিহাৰ্য।
এই ঘৰ গাঁৱৰ মূৰত নাইবা মুকলি আহল-বহল ঠাইত সজা দেখা যায়।
ঘৰৰ চ’তি আৰু খুটাবোৰ চিত্ৰ-বিচিত্ৰ কাৰুকাৰ্যৰে জাতিষ্কাৰ কৰে।
ছবিৰ ভিতৰত দুই মূৰে সূৰ্য আৰু ড্ৰেগনৰ চিত্ৰ অংকন কৰা থাকে।
ড্ৰেগন চিত্ৰ অংকনৰ জৰিয়তে তেওঁলোকে তিব্বতীয়-চীন-মংগোলীয় নৃগোষ্ঠীৰ বংশধৰ হিচাপে চিনাকি দিয়ে।
এই উৎসৱত অংশ গ্ৰহণ কৰিবৰ কাৰণে অন্য গাঁৱৰ ডেকাগাভৰু দল এটি মিনম বা অতিথি হিচাপে আমন্ত্ৰণ কৰে।
এই উৎসৱত দঁতাল গাহৰি, আপং আদি উচৰ্গা কৰি আই বসুমতী, অন্নদাতা পৰম পুৰুষ কাচিং-কাৰ্তাং, দঃঞি-পঃল, চেঃদি-মেঃল আদি সৃষ্টিকৰ্তা সকলক আৰাধনা কৰে।
উদ্দেশ্য ‘আই বসুন্ধৰা শস্য শ্যামলা হৈ ভৰি পৰক, চহা ৰাইজে সুখেৰে দিন নিয়াওক’ ৷