সত্ৰ নগৰী মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলালে দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে ।
লোকে লোকাৰণ্য ফুলনি পথাৰ ৷ সমাগত বিধান সভা নিৰ্বাচন । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো চাৰিটা দিন বাকী।
অসমত প্ৰতিটো দলৰে হেভীৱেইত কেপ্নেনাৰ সকলে নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে।
আজি মাজুলী বিধান সভাৰ সমষ্টিৰ বিজেপি মিত্ৰজোটোৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলালে বিজেপিৰ হেভী ৱেইত নেতা তথা দেশৰ গৃহ মন্ত্ৰী শ্বাহে ।
বিজেপিৰ দিনত অসমৰ চুকে কানে উন্নতিৰ সমীক্ষা দি আগন্তক নিৰ্বাচনত বিজেপিক আগৰ নিৰ্বাচনকৈ বেছি সংখ্যক ভোটত বিজয়ী কৰিবলৈ ৰাইজক আহ্বান জনায় ।
অমিত শ্বাহে নিৰ্বাচনী চলোৱা মাজুলীৰ ফুলনিত লক্ষাধিক লোক সমেবত হোৱা পৰিলক্ষিত হয় ।