জোনাইত নিৰ্বাচনী হিংসা আৰম্ভ ৷
কংগ্ৰেছ দলৰ কৰ্মী হিতেশ পেগু আৰু বিজু পেগুৱে ৰাজীৱ পেগুৰ চিগা উদয়পুৰ গাৱৰ ঘৰলৈ AR09B 9552 ৱাগানাৰ গাড়ীখনেৰে বিশেষ কামৰ বাবে গৈ থাকোতে বাটত বিৰুদ্ধী দলৰ তুলাৰাম ময়ং আৰু সঞ্জীৱ পাতিৰৰ লগতে প্ৰায় ৫০/৬০ জনীয়া দুৰ্বৃত্তৰ দল এটি বাট আগচি আক্ৰমণ কৰে ৷ লগতে গাড়ী খনৰো বিস্তৰ ক্ষতিসাধন কৰে ৷
উপৰোক্ত ঘটনা সন্দৰ্ভত হিতেশ পেগুৱে জোনাই আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি দুখীক উচিত শাস্তি দিবলৈ দাবী জনাইছে ৷