ৰাজ্যত এতিয়া নিৰ্বাচনী গৰম বতাহ
সমাগত নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া শাসক বিৰোধীৰ মাজত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলিছে।
দেখা গৈছে দল সমূহৰ নিৰ্বাচনী ব্যাপক প্ৰচাৰ অভিযান।
ইয়াৰ সমান্তৰালভাৱে ঢকুৱাখনাৰ দাংধৰা পঞ্চায়তৰ অন্তৰ্গত কুম্বাং গেজেৰা,খেৰকটা মিলি, খজুৱা পাতিৰ ৱাৰ্ডত আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ হাজাৰ হাজাৰ সমৰ্থকে স্বতঃস্ফূৰ্ত ভাৱে গীতে তালে- মাতে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা দেখা গৈছে।
উল্লেখ্য যে আজি কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী পদ্মলোচন দলেৰ অনুপস্থিতিত ও বহুসংখ্যক মহিলা - যুৱকে ৰেলিত অংশগ্ৰহণ কৰি সমাগত নিৰ্বাচনত ১১২নং ঢকুৱাখনা বিধান সভা সমষ্টিত পদ্মলোচন দলেয়ে 100% জিকিব বুলি ব্যক্ত কৰে সমৰ্থক জনে ।