জোনাইৰ চিমেন চাপৰি চনজাৰী নগৰত BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ ৷
১১৪ নং জোনাই বিধানসভা সমষ্টিৰ চিমেন চাপৰি চানজাৰী নগৰত আজি কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী ডা° হেমহৰী প্ৰশন্ন পেগুৰ হৈ BPF ৰ হাগ্ৰামা মহিলাৰী আৰু কেবাজনো জ্যেষ্ঠ কংগ্ৰেছৰ নেতাই নিৰ্বাচনী প্ৰচাৰ চলায় ৷ হাগ্ৰামা মহিলাৰীয়ে স্ববাব সুলভ ভংগীমাৰে হিমন্ত বিশ্ব শৰ্মা যত থাকে তাত তেওঁ কেতিয়াও নেথাকে বুলি কয় ৷ লগতে হিমন্তই পুনৰ কংগ্ৰেছত যোগদান কৰিলে তেওঁ কংগ্ৰেছেৰেও মিত্ৰতা ভংগ কৰিব বুলি ৰগৰ কৰে ৷আনফালে ৰাজ্যিক কংগ্ৰেছৰ মুখপাত্ৰ অপুৰ্ব ভট্টাচাৰ্যই ভুবন পেগুক ৰনোজ পেগুৰ লগত বিয়া হৈ বিজেপিলৈ যৌতুক হিচাপে যোৱা বুলি তীব্ৰ সমালোচনা কৰে ৷