অহাকালি অনুষ্ঠিত হবলগীয়া অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি চলাইছে জোনাই মহকুমা প্ৰশাসনে ৷
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বাধিক ভোটাৰ থকা সমষ্টি জোনাই ৷
এইবাৰ জোনাই সমষ্টিত পুৰুষ ভোটৰ 156709 জন আৰু মহিলা 151474 জন মুঠ 308183 জন ভোটাৰে বিভিন্ন দলৰ মুঠ ৬ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷ ডি ভোটৰ 2766 জন ।
এইবাৰ নিৰ্বাচনত জোনাই সমষ্টিত মুঠ ভোট কেন্দ্ৰ 449 টা ৷ তাৰে নেপালী বস্তি এল পি স্কুল আৰু মূৰ্কংচেলেক বালিকা বিদ্যালয়ক আদৰ্শ তথা একমাত্ৰ মহিলাৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰ ৰূপে নিৰ্মাণ কৰিছে ৷