ঢকুৱাখনাৰ ছেলাজান কছাৰী গাঁৱত অৱস্থিত গৰখীয়া দৌলত এদিনীয়াকৈ আয়োজন দৌলৎসৱ।
সেয়েহে এতিয়া প্ৰস্তুতি তুংগত কৰি তোলোৱাৰ লগতে চাফাই অভিযানৰ লগতে দিহানাম গোৱাত সকলো ব্যস্ত।
পৰম্পৰাগতভাৱে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো আয়োজক সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক দ'ল যাত্ৰা মহোৎসৱ মাৰ্চ মাহৰ ২৯ তাৰিখ সোমবাৰে দিনজোৰা হ'ব লগীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছে।
কাৰ্যসূচীসমূহৰ ভিতৰত আছে দিহা নাম,আইনাম,ফাকুৱা গীত ,ভাগৱত পাঠ লগতে দিন ভাওনা প্ৰদৰ্শন।
সেইবাবে উদযাপন সমিতিয়ে সংবাদ মাধ্যমৰ জৰিয়তে দলৌৎসৱ সফল ৰূপায়ণৰ বাবে অসম বাসী তথা ভক্ত প্ৰাণ ৰাইজক উপস্থিতি কামনা কৰিছে।