Share on Facebook

জোনাই সমষ্টি আৰু মাজুলীতো প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ।

 আজি ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ।  

পুৱা ৭ বজাৰ পৰা ৰাজ্যত আজি ১২ খন জিলাৰ ৪৭ টা সমষ্টিত ভোট গ্ৰহণ  আৰম্ভ হৈছে । 

মাজুলী সমষ্টিয মুঠ ১৯৫ টা ভোট গ্ৰহণ কেন্দ্ৰত আজি  1,30468  জন ভোটৰে ভোটদান সাবস্ত কৰিব ।




৯৯ নং মাজুলী জনজাতি বিধানসভাৰ সমষ্টিৰ  সকলোবোৰ  ভোট গ্ৰহণ কেন্দ্ৰত সকলো নিয়ম নীতিৰে ৰাতিপুৱাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে ।

ৰাতিপুৱাৰ পৰা শাৰী পাতি 

সম্পূৰ্ণ কভিড প্ৰটোকল মানি ভোটাৰ সকলে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে।

আজি নিৰ্ভৰ কৰিব মাজুলীৰ বহুকেইজন জন প্ৰাৰ্থী ভাগ্য । 

সেই কেইজন হ'ল - 

বিজেপিৰ - সৰ্বানন্দ সোণোৱাল। 

কংগ্ৰেছ - ৰাজীৱ লোচন পেগু

অসম জাতীয় পৰিষদ - শিশুধৰ  দলেক ধৰি কেইবাজনো প্ৰাৰ্থী।

এই তিনিজন প্ৰাৰ্থীৰ সম্পূণ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজৰ ওপৰত। 


কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৱে কয় যে সকলোৱে  ভাৰতীয় নাগৰিক হিচাপে ভোট দান কৰিবলৈ উলাই আহিবলৈ লাগে বুলি কয়।

প্ৰথম পৰ্যায়ত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱা 114 নং জোনাই (জনজাতিৰ বাবে সংৰক্ষিত) বিধানসভা সমষ্টিটো আজি পুৱা সাত বজাৰ পৰা শান্তি পূৰ্ণ পৰিবেশত  ভোট গ্ৰহণ আৰম্ভ হৈছে। জোনাই সমষ্টিত প্ৰায়বোৰ ভোট কেন্দ্ৰতে পুৱাৰে পৰা দীঘলীয়া শাৰীপাতি ভোটদানৰ বাবে ভোটাৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰতিটো ভোটকেন্দ্ৰত  কৰ্তৃপক্ষৰ তৰফৰ পৰা ভোটাৰ ৰাইজক ছেনিটাইজেচন, হেণ্ডগ্লোভ, মাস্ক আদিৰ ব্যৱস্থা কৰা হৈছে। 


 114 নং জোনাই বিধানসভা সমষ্টিত 449 টা ভোট কেন্দ্ৰত 3,08,183 গৰাকী ভোটাৰে নিজৰ মতদান কৰিব। জোনাই সমষ্টিত 6 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। জোনাই বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে ভুবন পেগু, কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ডা: হেমহৰি প্ৰসন্ন পেগু, জনতা দল (সংযুক্ত)ৰ প্ৰাৰ্থী হিচাপে ভাগ্য চুংক্ৰাং, মহিলা দলৰ প্ৰাৰ্থী হিচাপে ভবানী বড়ো, ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে মাধৱ মুছাহাৰী, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে ফণীৰাম টায়েঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post