ধেমাজি - জোনাইৰ নাহৰ জেলম গাৱঁৰ এখন ওলমা দলঙৰ কাহিনী ৷
কোনে শুনিব এই গাওঁখনৰ দুখৰ বিননি ৷
জোনাই সদৰৰ পৰা মাত্ৰ পাচ কিলোমিটাৰমান আতৰৰ বৰ্ষাৰণ্য পবাৰ কাষৰ এইখন নাহৰ জেলম গাও ৷ বহি ৰাজ্যৰ যোগাযোগৰ একমাত্ৰ ব্যৱস্থা এখন জৰাজীৰ্ণ ওলমা দলং ৷ এই দলঙেৰে কণ কণ ছাত্ৰছাত্ৰী - শিক্ষক - গাওঁবাসী সকলোৱে অহা যোৱা কৰে ৷
নিৰ্বাচন আহে - যায় , ঠিক তেনেকৈয়ে মন্ত্ৰী - বিধায়কো এইখন গাৱঁলৈ আহে আৰু যায় ৷ মাথোঁ প্ৰতিশ্ৰুতি আৰু আশ্বাস দি যায় ৷ নাহৰ জেলমবাসীৰ সমস্যাবোৰ সমস্যা হৈয়ে ৰৈ যায় ৷ ইয়াত নাই কোনো বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা , নাই কোনো বিদ্যুত বা চিকিৎসাৰ ব্যৱস্থা ৷ সেয়ে নাহৰ জেলমবাসী ৰাইজে ইয়াত এখন স্হায়ী দলং নিৰ্মাণ কৰাৰ ওপৰিও বিভিন্ন সমস্যাবোৰ সমাধান কৰি দিবলৈ চৰকাৰক দাবী জনাইছে ৷