জোনাইত ধৰ্মশালাৰ নামত বছৰ বছৰ ধৰি মধ্যভোগীৰ লুণ্ঠন ৷
জোনাই সদৰৰ হনুমান মন্দিৰৰ কাষতে কেবা বছৰো আগতে ৰাইজৰ সুবিধাৰ্থে এখন ধৰ্মশালা নিৰ্মাণ কৰা হৈছিল ৷ যদিও আজিলৈকে সাধাৰণ ৰাইজক প্ৰাথমিক সুবিধাৰ পৰা বঞ্চিত কৰি কমিটিৰ নামট মুষ্টিমেয় কেইজনমানে লুণ্ঠনৰাজ চলাই আছে ৷
ৰাইজৰ অভিযোগ মতে ধৰ্মশালাৰ আগফালে কেবাখনো দোকান নিৰ্মাণ কৰি ভাড়া দিয়াৰ ওপৰিও ভিতৰ ও পিছফালে কেবাটাও ৰুম ভাড়ালৈ দিয়া আছে ৷ কিন্তু কমিটিৰ নামট দুজনমান ব্যক্তিয়ে বছৰ বছৰ ধৰি ভাড়াৰ নামত সংগৃহীত ধন ৰাজহুৱা নকৰি আত্মসাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷