গহপুৰৰ ৰাওনামুখত ট্ৰেক্টৰ দুৰ্ঘটনাত পতিত হৈ চালকৰ মৃত্যু।
বেলগুৰি-ৰাওনামুখ সংযোগী পথৰ নিৰ্মাণৰ কাম কৰি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় ট্ৰেক্টৰখন।
মৃত চালকজন চিলাপথাৰ অকাজানৰ টণী দলে বুলি চিনাক্ত কৰা হৈছে।
বিগত দুমাহ ধৰি পথ নিৰ্মাণৰ কামত জড়িত আছিল টণী দলে।
গহপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চালক জনৰ মৃতদেহ আৰক্ষী থানালৈ লৈ যায়।