গহপুৰৰ ঘাঁহিগাৱঁত বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা জব্দ।
এক গোপন সূত্ৰৰ পম খেদি ১৫ নংৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাৰে পৰা আবকাৰী বিভাগে তালাচী অভিযান
চলাই থকা সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এটা পেট্ৰ'ল পাম্পত UP 81 BT 4225 নম্বৰৰ দহ চকীয়া
গাড়ী খন ৰাখি চালক পলায়ন কৰে।
আৱকাৰী বিভাগে কন্ট্ৰেনাৰ ট্ৰাকখনৰ তলা ভাঙি গোপন চেম্বাৰত থকা বিভিন্ন ব্ৰেণ্ডৰ প্ৰায় আঢ়ৈশ কাৰ্টুন
অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা মতে অবৈধ সুৰাখিনি উত্তৰ প্ৰদেশলৈ নি থকা হৈছিল।
উল্লেখ্য যে অৰুণাচলৰ পৰা গহপুৰৰ মাজেৰে বহি ৰাজ্যলৈ এনেদৰে গোপন ভাৱে অবৈধ অৰুণাচলী সুৰা সৰবৰাহ চলি আছে।
আনহাতে গাড়ীখনৰ ভিতৰৰ হাৰিয়ানাৰ এখন ভুৱা নাম্বাৰ প্লেট উদ্ধাৰ হৈছে।