লখিমপুৰ জিলাৰ পথালিপাম বনখণ্ডৰ কাৰ্যালয়ৰ অন্তৰ্গত বাঘজানৰ সমীপৰ ৰে'লপথত এখন মালবাহী ৰেলে নিশা প্ৰায় ৯.৩০ মান বজাত দুলুং বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীক খুন্দিয়াই থিতাতে নিহত ।
চিলাপথাৰৰ পৰা বঙাইগাঁও অভিমূখী ৰে'লগাড়ী আছিল ।
হাতীৰ মৃতদেহটো ৰে'লৰ তলত সোমাই থকাত কেইবাঘন্টা ধৰি ৰে'ল খন আৱদ্ধ হৈ থাকে।
এই দৃশ্য এক মাত্ৰ আমাৰ সাংবাদিকৰ কেমেৰাত আবদ্ধ ।
পিছত পথালিপাম বনখণ্ডৰ বনৰক্ষী আৰু বগীনদী আৰক্ষীৰ সহযোগত হাতীৰ মৃতদেহটো অশেষ কষ্টেৰে পথৰ পৰা ওলিওৱাত হে ৰে'ল খন যাবলৈ সক্ষম হয় ।