জোনাইৰ লাইমেকুৰীত পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম ৷
15 নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা লাইমেকুৰীৰ মিলনপুৰ - মাধৱপুৰৰ সংযোগী পথটো নিৰ্মাণৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি কৰা দেখা গৈছে ৷
কোনো চৰকাৰী গাইড লাইন মতে পখী পথটো নিৰ্মাণ নকৰাৰ ফলত নিৰ্মাণৰ 12 ঘণ্টা পাৰ নহওতেই ব্লেক টপিঙবোৰ সুদা হাতেৰে বখলা - বখলে এৰুৱাব পাৰিছে ৷
প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাা অধীনৰ 4.64 দৈৰ্ঘৰ পথটো যোৱা বৰ্ষৰ 20/09/2020 তাৰিখে লক্ষ্মীমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগুৱে আধাৰশিলা স্হাপন কৰি কামৰ শুভাৰম্ভ কৰিছিল ৷
পূৰ্বোত্তৰ এন্টাৰপাইছ নামৰ প্ৰতিষ্ঠানটোৱে নিবিদা লাভ কৰা আচনিটোৰ মুঠ আৰ্থিক পৰিমাণ 2.66.47.415.00 টকা ৷
স্হানীয় ৰাইজে পথটো প্ৰকৃত নিয়ম নীতিৰে পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে লগতে নিৰ্মাণৰ সময়ত বিভাগীয় প্ৰতিনিধিৰ উপস্থিত কামনা কৰিছে ৷