AASU ৰ স্মাৰকপত্ৰ প্ৰদান ৷
ধেমাজি জিলাৰ জোনাইত PMGSY ৰ পথ নিৰ্মাণত বিভিন্ন ঠাইত দেখা দিছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি ৷
ইয়াৰ বেৰাছাপৰী অঞ্চলত অকলেণ্ড মাছোৱা কেম্পৰ পৰা মাজগাৱঁ কচাৰীলৈ 1.65 কিলোমিটাৰ পথ তথা
মাজত দুটা কালভাৰ্ট নিৰ্মাণৰ ঠিকা লাভ কৰিছে সুৰজ আগৰৱালা নামৰ এজন ঠিকাদাৰে ৷
কিন্তু পথটো নিৰ্মাণৰ দায়িত্বত থকা জোনাইৰ শ্যামল চৰকাৰ নামৰ লোকজনে বেৰাছাপৰীবাসী বানবিধস্ত
ৰাইজক অংগোষ্ঠা দেখাই অতি নিম্নমানেৰে বালি ফলসৰ ওপৰতে ব্লেকটপিং কৰি অব্যাহত ৰাখিছে পথ
নিৰ্মানৰ কাম ৷ আনফালে দুটা কালভাৰ্ট নিৰ্মাণ সম্পূৰ্ণ নহওতেই ফাট মেলিছে ৷ এনে কাৰ্যক স্হানীয়
ৰাইজ আৰু আছুৱে তীব্ৰ গৰিহণা দিছে ৷ আৰু বাহিৰ জোনাই আঞ্চলিক সমিতি আছুৱে দুষীক উচিত শাস্তি
দিয়াৰ লগতে ঠিকাদাৰজনক ব্লেক লিষ্টেড কৰিবলৈ প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰিছে ৷